কবিতা :: যদি কেতিয়াবা সময় পোৱা — বিজু ভকত
যদি কেতিয়াবা সময় পোৱা
অনুগ্ৰহ কৰি ফোন এটা কৰিবা,
হয়তো তুমি ব্যস্ত এতিয়া
ঠিক মহানগৰীৰ চিটি বাছৰ হেণ্ডিমেনৰ দৰে
তথাপি,
সময় পালে ফোন এটি কৰিবা |
.
আলফুলীয়া কৈ তোমাৰ সৈতে কথা পাতিব
মন নাযায় নে মোৰ ?
নাযায় নে তোমাৰ সৈতে
গোপন প্ৰেমৰ কথা পাতিব,
আনৰ দৰে পাৰ্কে পাৰ্কে মোবাইলে |
.
নে তুমি আনৰ দৰে নোহোৱা
মই আনৰ দৰে নহওঁ,
তথাপি মনত ৰাখিবা- আমি মানুহ
আমাৰ আনৰ দৰেই হৃদয় এখন আছে,
সেই কাৰণে মোৰ মন যায় বাৰে বাৰে |
.
নেজানো তুমি কথাবোৰ বুজিবা নে নাই
কিন্তু চিন্তা নকৰিবা
একাজলি মৰম Kobita Assamese
তুমি হাঁহিলে তোমাৰ মুখখনিআৰু ধুনীয়া হৈ পৰেসদায় হাঁহিয়েই থাকিবাচোনচকুত তুমি কাজল ললে তোমাৰ চকু দুটিএনে লাগে যেন সাগৰৰ দৰে গভীৰসদায় এনেকৈয়েই থাকিবাচোনআনক কৰাৰ দৰে মোকো অলপ মৰম কৰিবাচোনতোমাৰ একাজলি মৰম মোকো দিবাচোনপাৰিবানে দিব
অতীত আৰু তুমি Assamese Poem For Love
উজাগৰি নিশা কাৰে কথা ৰিণিৰিণি সৌ দূৰ নিলগৰ সুৰটি কৰ্ণৰ যেন ভিতৰে বুকু ভেদিছে সপোন নে দিঠক মাতটিত যেন দেহ জীপাল পৰিছে কোনো যেন দূৰ অতীতে ৰিঙিয়াই কিছু আবেগ সৃষ্ট ঝংকাৰ পাহৰণিৰ গহ্বৰত যেন খুন্দিয়াইছেকিযে এক মধুৰ আচ্ছাদন নিদ্ৰা ভংগৰ কাৰণ জানোঁ তুমি??নহয় টো!!!মোৰ বাবেটো তুমি আজিও মোৰ বৰ্তমান কিন্তু কিয় জানো ৰিঙিয়াইছা অতীত সুৰৰ তালত কিনো কবি অ’ তইপ্ৰেমৰ সেই কঠিয়াতলী বৰষুণ এজাকৰ অপেক্ষাত যেন আজিও বিচৰণ পথতবিচৰণৰ কাৰণ জানোঁ মই নে তুমি এৰা: অ,কঠিয়াৰ বীজ বোৰ তেনেই শূন্য কেনেকৈ দিম তাত,কাৰে নো হাতৰ বীজচৰাই হৈ আহিছ নে পানী হৈ আহিছ চকুৰেনো চাও কেনেকৈ এইকণ সাহস আছে জানোঁ মনৰ ভিতৰত এই বাৰ্তা পাইছনে তই জোনটিৰ মাজতে তোক বিচাৰিছো নহ’লেনো চাওঁ কেনেকৈ অন্যই জানোঁ বুজিব আমাৰ মিলন দূপৰৰ কথা সেয়েহে নিশাৰ সুৰৰ জোনৰ আহৰণত দিবি জানোঁ দেখা আহিব জানোঁ আকৌ মিলনৰ দূপৰ বেলা
-বৈষ্ণৱী ডেকাগুৱাহাটী